Posts

Showing posts from February, 2021

Annual Examination - 2019 (Sanskrit) Class - IX : Question Paper.

Image
click here to view you tube videos of class IX

ভাৱাৰ্থ - ২, नीतिश्लोकाः सुभाषितानि च (পঞ্চম পাঠ/ নৱম শ্ৰেণী ; সুভাষিত নং -৯)

Q. ভাৱাৰ্থ সম্প্ৰসাৰণ কৰাঁ ( ভাৱ বহলাই লিখা )- सत्यमेव जयते नानृतम् ।। 9।। ( সত্যমেৱ জয়তে নানৃতম্ ) Ans - সত্যৰ সদায় জয় । সত্যৰ স্থায়িত্ব আছে । সত্য প্ৰতিষ্ঠিত সকলো বস্তুৱে চিৰযুগমীয়া । সমাজত মূৰ দাঙি চলিবলৈ হ'লে সদায় সত্য পথত চলিব লাগে । এই পৃথিৱীত সকলো ক্ষেত্ৰতে সত্যই শ্রেষ্ঠত্ব লাভ কৰে । জুইক ঢাকি ৰাখিব নোৱাৰাৰ দৰে সত্য কথাকো মানুহে কেতিয়াও লুকাই ৰাখিব নোৱাৰে । এদিন হ'লেও প্ৰকাশ পাবই । আনহাতে মিছা প্ৰৱঞ্চনাৰে কৰা কাম ক্ষন্তেকীয়া । মিছাক আশ্ৰয় লৈ মানুহে কেতিয়াও সুখী হ'ব নোৱাৰে । খোজে প্ৰতি ভয় , সন্দেহৰ ভাৱত থাকিবলগীয়া হয় । মানুহ এজনে মিছাকৈ কোনো কাম কৰিব পাৰে কিন্তু যিদিনা তেওঁৰ সত্য কথাটো ওলাই পৰিব সিদিনা নিজেই লজ্জিত হ'ব আৰু কোনোৱে তেওঁক বিশ্বাস নকৰিব । আনহাতে সত্যবান লোক সদায় বিশ্বাসৰ পাত্র । সেয়েহে কোৱা হয় সত্যৰ সদায় জয় আৰু মিছাৰ নহয় ।  __________________________________________ পাঠটোৰ অসমীয়া অনুবাদ

ভাৱাৰ্থ - ১, नीतिश्लोकाः सुभाषितानि च (পঞ্চম পাঠ/ নৱম শ্ৰেণী ; সুভাষিত নং -৩)

Q. ভাৱাৰ্থ সম্প্ৰসাৰণ কৰাঁ (ভাৱ বহলাই লিখা)- आलस्यं हि मनुष्यानां शरीरस्थो महान् रिपुः।। 3।। ( আলস্যং হি মনুষ্যানাং শৰীৰস্থো মহান্ ৰিপু্: ) Ans- এলেহুৱা মানুহে জীৱনত উন্নতি কৰিব নোৱাৰে । এলাহ মানুহৰ শৰীৰৰ প্ৰধান শত্রু । ই এনেকুৱা এটা দোষ যিয়ে  মানুহক কৰিবলগীয়া কামৰ পৰা আঁতৰাই ৰাখে । জীৱনত উন্নতি কৰিৱলৈ হ'লে এলাহ ভাৱ পৰিত্যাগ কৰি কামৰ প্ৰতি আগ্ৰহী হোৱা উচিত । তেতিয়াহে সুখ লাভ কৰিব পাৰি । জীৱনত উন্নতিৰ জখলাত বগাবলৈ হ'লে টোপনি , তন্দ্ৰা , ভয় , খং , এলাহ আৰু দীৰ্ঘসূত্রতা অৰ্থাৎ লাহে লাহে কাম কৰা স্বভাৱ - এই ছয় দোষ এৰাই চলিব লাগে । এই দোষসমূহ ত্যাগ কৰিব পাৰিলেহে মানুহে সুখে - শান্তিৰে থাকিব পাৰে । আৰু যদি এই দোষসমূহ এৰাই নচলে তেতিয়া জীৱনত কেতিয়াও উন্নতি নহয় । এলাহ কৰি আজি কৰিবলগীয়া কাম নকৰি যদি পিছুৱাই থৈ দিয়া হয় তেতিয়া সময়ৰ কাম সময়ত হৈ নুঠিব । ফলত অকৃতকাৰ্য হ'বলগীয়া হয় । উন্নতিৰ দিশত আগবাঢ়িব নোৱাৰে । সেয়েহে কোৱা হয় এলাহেই মানুহৰ শৰীৰৰ প্ৰধান শত্রু । __________________________________________ পাঠটোৰ অসমীয়া অনুবাদ

ব্যাখ্যা - ১, नीतिश्लोकाः सुभाषितानि च (পঞ্চম পাঠ/ নৱম শ্ৰেণী ; শ্লোক নং -৪ )

Q. ব্যাখ্যা কৰা -  दुर्जनः परिहर्तव्यो विद्ययालंकृतोऽपि सन्  । मणिना भूषितः सर्पः किमसौ न भयंकरः ।।  Ans - শ্লোকাৰ্থ - বিদ্যাৰে অলংকৃত হ'লেও দুৰ্জন বা দুষ্ট ব্যক্তিক পৰিত্যাগ কৰা উচিত । ( কিয়নো ) মণিৰে বিভূষিত (অলংকৃত) সাপ অতি ভয়ংকৰ । উদ্ধৃতি - উক্ত শ্লোকফা‍ঁকি আমাৰ পাঠ্যপুথি "সংস্কৃতপাঠসংগ্ৰহঃ" ৰ অন্তৰ্গত "নীতিশ্লোকা : সুভাষিতানি চ" নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে । প্ৰসংগ - শ্লোকফাঁকিৰ জৰিয়তে বিদ্যাৰে অলংকৃত হ'লেও যে দুষ্টক এৰাই চলা উচিত তাৰ বিষয়ে উল্লেখ কৰা হৈছে । ব্যাখ্যা - মানুহে দুষ্ট লোকৰপৰা সদায় দূৰত থাকিব লাগে । দুষ্টৰ সংগ কেতিয়াও ল'ব নালাগে । লাগিলে সেই দুষ্ট লোক যিমানেই বিদ্বান নহওঁক কিয় । তেওঁলোক বিদ্যাৰে অলংকৃত  হ'লেও বিশ্বাসৰ যোগ্য নহয় । কেতিয়াও বিশ্বাসত লৈ দুষ্টৰ সৈতে কোনো ক্ষেত্ৰতে আগবাঢ়িব নালাগে । কাৰণ তেওঁলোকে ক'ত কেতিয়া কি বিপদত পেলাই ধৰিব নোৱাৰি । যিহেতু দুৰ্জন লোক মূৰত মণি থকা সাপৰ দৰে । মণিৰে অলংকৃত হ'লেও সাপ ভয়ানক । কোন সময়ত দংশন কৰে থিক নাই । মূৰত মণি থাকিলে বুলিয়েই বিষ নাইকীয়া নহয়। দূ্ৰৰ পৰা জিলিকি থাকে কিন্তু ওচৰ...

ব্যাখ্যা - ২, सिंहशशककथा (ষষ্ঠ পাঠ/ নৱম শ্ৰেণী)

Q. ব্যাখ্যা কৰা - निहत्य गाः शतं लोके व्याघ्रोऽपि हन्यते स्वयम् । महाविक्रम - नामापि सिंहो यथा निपातितः।।  Ans - শ্লোকাৰ্থ -  এই সংসাৰত এশ গৰু বধ কৰি বাঘেও নিজে মৰিব লগা হয় । মহাবিক্ৰম নামৰ সিংহটোও যেনেদৰে মৃত্যু হৈছিল। উদ্ধৃতি -   উক্ত শ্লোকফা‍ঁকি আমাৰ পাঠ্যপুথি "সংস্কৃতপাঠসংগ্ৰহঃ" ৰ অন্তৰ্গত পঞ্চতন্ত্ৰৰ "মিত্রভেদ"ত উপলব্ধ "সিংহশশককথা" নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে । প্ৰসংগ -   শ্লোকফাঁকিৰ জৰিয়তে কৰ্মফলৰ বিষয়ে উল্লেখ কৰা হৈছে । ব্যাখ্যা -   বাঘ মাংসভোজী প্ৰাণী । বাঘে জীৱ - জন্তু বধ কৰি জীৱন ধাৰণ কৰে । কিন্তু অধিক পৰিমাণে গৰু বধ কৰি থকাৰ ফলত গৰুৰ গৰাকীৰ দ্বাৰা বাঘৰ মৰণ নিশ্চিত । বাঘে গৰু মৰা খবৰ পালে মানুহেও বাঘক বধ কৰিবলৈ সাজু হয় আৰু বাঘৰ অত্যাচাৰ বৃদ্ধি হলে বাঘক মানুহে নানান উপায়েৰে বধ কৰে। অৰ্থাৎ অত্যাচাৰ বৃদ্ধিৰ বাবেই এদিন সি মৃত্যুবৰণ কৰিবলগীয়া হয় ।  যেনেদৰে মহাবিক্ৰম নামৰ সিংহটোৰো মৃত্যু হৈছিল । এই সিংহটোৱে সদায় জীৱ - জন্তুবোৰ নিজ ইচ্ছামতে বধ কৰিছিল । শেষত এদিন পটুকৰ্ণ নামৰ শহা এটাই বুদ্ধি কৰি এটা গভীৰ কুৱাৰ পানীত পেলাইছিল আৰু এনেদৰে মহাবিক্ৰম নামৰ ...