ভাৱাৰ্থ - ১, नीतिश्लोकाः सुभाषितानि च (পঞ্চম পাঠ/ নৱম শ্ৰেণী ; সুভাষিত নং -৩)

Q. ভাৱাৰ্থ সম্প্ৰসাৰণ কৰাঁ (ভাৱ বহলাই লিখা)-

आलस्यं हि मनुष्यानां शरीरस्थो महान् रिपुः।। 3।।
(আলস্যং হি মনুষ্যানাং শৰীৰস্থো মহান্ ৰিপু্:)

Ans-
এলেহুৱা মানুহে জীৱনত উন্নতি কৰিব নোৱাৰে । এলাহ মানুহৰ শৰীৰৰ প্ৰধান শত্রু । ই এনেকুৱা এটা দোষ যিয়ে  মানুহক কৰিবলগীয়া কামৰ পৰা আঁতৰাই ৰাখে । জীৱনত উন্নতি কৰিৱলৈ হ'লে এলাহ ভাৱ পৰিত্যাগ কৰি কামৰ প্ৰতি আগ্ৰহী হোৱা উচিত । তেতিয়াহে সুখ লাভ কৰিব পাৰি । জীৱনত উন্নতিৰ জখলাত বগাবলৈ হ'লে টোপনি , তন্দ্ৰা , ভয় , খং , এলাহ আৰু দীৰ্ঘসূত্রতা অৰ্থাৎ লাহে লাহে কাম কৰা স্বভাৱ - এই ছয় দোষ এৰাই চলিব লাগে । এই দোষসমূহ ত্যাগ কৰিব পাৰিলেহে মানুহে সুখে - শান্তিৰে থাকিব পাৰে । আৰু যদি এই দোষসমূহ এৰাই নচলে তেতিয়া জীৱনত কেতিয়াও উন্নতি নহয় । এলাহ কৰি আজি কৰিবলগীয়া কাম নকৰি যদি পিছুৱাই থৈ দিয়া হয় তেতিয়া সময়ৰ কাম সময়ত হৈ নুঠিব । ফলত অকৃতকাৰ্য হ'বলগীয়া হয় । উন্নতিৰ দিশত আগবাঢ়িব নোৱাৰে । সেয়েহে কোৱা হয় এলাহেই মানুহৰ শৰীৰৰ প্ৰধান শত্রু ।

__________________________________________




Comments

Popular posts from this blog

ভাৱাৰ্থ - ২, नीतिश्लोकाः सुभाषितानि च (পঞ্চম পাঠ/ নৱম শ্ৰেণী ; সুভাষিত নং -৯)

ব্যাখ্যা - ১, सिंहशशककथा (ষষ্ঠ পাঠ/ নৱম শ্ৰেণী)