ব্যাখ্যা - ১, नीतिश्लोकाः सुभाषितानि च (পঞ্চম পাঠ/ নৱম শ্ৰেণী ; শ্লোক নং -৪ )

Q. ব্যাখ্যা কৰা - 
दुर्जनः परिहर्तव्यो विद्ययालंकृतोऽपि सन्  ।
मणिना भूषितः सर्पः किमसौ न भयंकरः ।। 
Ans -
শ্লোকাৰ্থ - বিদ্যাৰে অলংকৃত হ'লেও দুৰ্জন বা দুষ্ট ব্যক্তিক পৰিত্যাগ কৰা উচিত । ( কিয়নো ) মণিৰে বিভূষিত (অলংকৃত) সাপ অতি ভয়ংকৰ ।

উদ্ধৃতি - উক্ত শ্লোকফা‍ঁকি আমাৰ পাঠ্যপুথি "সংস্কৃতপাঠসংগ্ৰহঃ" ৰ অন্তৰ্গত "নীতিশ্লোকা : সুভাষিতানি চ" নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে ।

প্ৰসংগ - শ্লোকফাঁকিৰ জৰিয়তে বিদ্যাৰে অলংকৃত হ'লেও যে দুষ্টক এৰাই চলা উচিত তাৰ বিষয়ে উল্লেখ কৰা হৈছে ।

ব্যাখ্যা - মানুহে দুষ্ট লোকৰপৰা সদায় দূৰত থাকিব লাগে । দুষ্টৰ সংগ কেতিয়াও ল'ব নালাগে । লাগিলে সেই দুষ্ট লোক যিমানেই বিদ্বান নহওঁক কিয় । তেওঁলোক বিদ্যাৰে অলংকৃত  হ'লেও বিশ্বাসৰ যোগ্য নহয় । কেতিয়াও বিশ্বাসত লৈ দুষ্টৰ সৈতে কোনো ক্ষেত্ৰতে আগবাঢ়িব নালাগে । কাৰণ তেওঁলোকে ক'ত কেতিয়া কি বিপদত পেলাই ধৰিব নোৱাৰি । যিহেতু দুৰ্জন লোক মূৰত মণি থকা সাপৰ দৰে । মণিৰে অলংকৃত হ'লেও সাপ ভয়ানক । কোন সময়ত দংশন কৰে থিক নাই । মূৰত মণি থাকিলে বুলিয়েই বিষ নাইকীয়া নহয়। দূ্ৰৰ পৰা জিলিকি থাকে কিন্তু ওচৰলৈ গ'লে সেই জিলিকি থকা সাপডালে প্ৰাণ শেষ কৰে । মণি থকা সাপৰ দৰে দুষ্টলোকেও মানুহক বিপদত পেলাই । সেয়েহে কোৱা হৈছে যে দুষ্টক সদায় এৰাই চলাটো উচিত ।

ব্যাকৰণগত টোকা -
विद्ययालंकृतोऽपि = विद्यया + अलंकृतः + अपि 
दुर्जनः  = दुः (दुष्टः) जनः, 
             (कर्मधारयः समासः)
भयंकरः = भयं करोति इति,
              (उपपद तत्पुरुषः समासः)

__________________________________________

Comments

Popular posts from this blog

ভাৱাৰ্থ - ২, नीतिश्लोकाः सुभाषितानि च (পঞ্চম পাঠ/ নৱম শ্ৰেণী ; সুভাষিত নং -৯)

ব্যাখ্যা - ১, सिंहशशककथा (ষষ্ঠ পাঠ/ নৱম শ্ৰেণী)