ব্যাখ্যা - ১, सिंहशशककथा (ষষ্ঠ পাঠ/ নৱম শ্ৰেণী)
Q. ব্যাখ্যা কৰা - बुद्धिर्यस्य बलं तस्य निर्बुद्धेस्तु वृथा बलम् । कौशलेन हि यत् साध्यं न तत्साध्यं पराक्रमैः।। Ans - শ্লোকাৰ্থ - যাৰ বুদ্ধি আছে তাৰ হে বল থাকে আৰু বুদ্ধিহীনৰ বল বা শক্তি বৃথা । কৌশল বা বুদ্ধিৰ দ্বাৰা যি কাম কৰিব পাৰি, সেই কাম পৰাক্ৰম বা বলৰ দ্বাৰা কৰিব নোৱাৰি । উদ্ধৃতি - উক্ত শ্লোকফাঁকি আমাৰ পাঠ্যপুথি "সংস্কৃতপাঠসংগ্ৰহঃ" ৰ অন্তৰ্গত পঞ্চতন্ত্ৰৰ "মিত্রভেদ"ত উপলব্ধ "সিংহশশককথা" নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে । প্ৰসংগ - শ্লোকফাঁকিৰ জৰিয়তে বুদ্ধি আৰু বলৰ বিষয়ে উল্লেখ কৰা হৈছে । ব্যাখ্যা - যাৰ বুদ্ধি আছে তাৰহে বল থাকে । বুদ্ধিহীন জনৰ বল বৃথা । বুদ্ধি আৰু কৌশলেৰে যিটো সাধন কৰিব পাৰি সেয়া বল বা পৰাক্ৰমেৰে নোৱাৰি । কোনো এটা কাৰ্য সম্পন্ন কৰিবলৈ তাত বুদ্ধি , কৌশল খটুৱাব লাগিব । তাকে নকৰি যদি নিজৰ শক্তি প্ৰয়োগ কৰি দেহটো ভাগৰুৱা কৰি লয় তেতিয়া কামটোত কৃতকাৰ্য্য হব নোৱাৰিব । তেনে ক্ষেত্রত তেনেকুৱা বলক বৃথা বুলি কোৱা হয়। বলেৰে নোৱাৰা কাম বুদ্ধি আৰু কৌশলেৰে সাধন কৰিব লাগে । বুদ্ধিমান লোক সদায় শক্তিশালী হয়। কাৰণ তেওঁলোক...