ভাৱাৰ্থ - ২, नीतिश्लोकाः सुभाषितानि च (পঞ্চম পাঠ/ নৱম শ্ৰেণী ; সুভাষিত নং -৯)

Q. ভাৱাৰ্থ সম্প্ৰসাৰণ কৰাঁ (ভাৱ বহলাই লিখা)-

सत्यमेव जयते नानृतम् ।। 9।।
(সত্যমেৱ জয়তে নানৃতম্)

Ans -
সত্যৰ সদায় জয় । সত্যৰ স্থায়িত্ব আছে । সত্য প্ৰতিষ্ঠিত সকলো বস্তুৱে চিৰযুগমীয়া । সমাজত মূৰ দাঙি চলিবলৈ হ'লে সদায় সত্য পথত চলিব লাগে । এই পৃথিৱীত সকলো ক্ষেত্ৰতে সত্যই শ্রেষ্ঠত্ব লাভ কৰে । জুইক ঢাকি ৰাখিব নোৱাৰাৰ দৰে সত্য কথাকো মানুহে কেতিয়াও লুকাই ৰাখিব নোৱাৰে । এদিন হ'লেও প্ৰকাশ পাবই । আনহাতে মিছা প্ৰৱঞ্চনাৰে কৰা কাম ক্ষন্তেকীয়া । মিছাক আশ্ৰয় লৈ মানুহে কেতিয়াও সুখী হ'ব নোৱাৰে । খোজে প্ৰতি ভয় , সন্দেহৰ ভাৱত থাকিবলগীয়া হয় । মানুহ এজনে মিছাকৈ কোনো কাম কৰিব পাৰে কিন্তু যিদিনা তেওঁৰ সত্য কথাটো ওলাই পৰিব সিদিনা নিজেই লজ্জিত হ'ব আৰু কোনোৱে তেওঁক বিশ্বাস নকৰিব । আনহাতে সত্যবান লোক সদায় বিশ্বাসৰ পাত্র । সেয়েহে কোৱা হয় সত্যৰ সদায় জয় আৰু মিছাৰ নহয় । 

__________________________________________




Comments