ব্যাখ্যা - ২, सिंहशशककथा (ষষ্ঠ পাঠ/ নৱম শ্ৰেণী)

Q. ব্যাখ্যা কৰা -

निहत्य गाः शतं लोके व्याघ्रोऽपि हन्यते स्वयम् ।

महाविक्रम - नामापि सिंहो यथा निपातितः।। 

Ans -

শ্লোকাৰ্থ - এই সংসাৰত এশ গৰু বধ কৰি বাঘেও নিজে মৰিব লগা হয় । মহাবিক্ৰম নামৰ সিংহটোও যেনেদৰে মৃত্যু হৈছিল।

উদ্ধৃতি - উক্ত শ্লোকফা‍ঁকি আমাৰ পাঠ্যপুথি "সংস্কৃতপাঠসংগ্ৰহঃ" ৰ অন্তৰ্গত পঞ্চতন্ত্ৰৰ "মিত্রভেদ"ত উপলব্ধ "সিংহশশককথা" নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে ।

প্ৰসংগ - শ্লোকফাঁকিৰ জৰিয়তে কৰ্মফলৰ বিষয়ে উল্লেখ কৰা হৈছে ।

ব্যাখ্যা - বাঘ মাংসভোজী প্ৰাণী । বাঘে জীৱ - জন্তু বধ কৰি জীৱন ধাৰণ কৰে । কিন্তু অধিক পৰিমাণে গৰু বধ কৰি থকাৰ ফলত গৰুৰ গৰাকীৰ দ্বাৰা বাঘৰ মৰণ নিশ্চিত । বাঘে গৰু মৰা খবৰ পালে মানুহেও বাঘক বধ কৰিবলৈ সাজু হয় আৰু বাঘৰ অত্যাচাৰ বৃদ্ধি হলে বাঘক মানুহে নানান উপায়েৰে বধ কৰে। অৰ্থাৎ অত্যাচাৰ বৃদ্ধিৰ বাবেই এদিন সি মৃত্যুবৰণ কৰিবলগীয়া হয় । যেনেদৰে মহাবিক্ৰম নামৰ সিংহটোৰো মৃত্যু হৈছিল । এই সিংহটোৱে সদায় জীৱ - জন্তুবোৰ নিজ ইচ্ছামতে বধ কৰিছিল । শেষত এদিন পটুকৰ্ণ নামৰ শহা এটাই বুদ্ধি কৰি এটা গভীৰ কুৱাৰ পানীত পেলাইছিল আৰু এনেদৰে মহাবিক্ৰম নামৰ অত্যাচাৰী সিংহটোৰো মৃত্যু হৈছিল । 

ব্যাকৰণগত টোকা -

নিহত্য = নি - √ হন্ + ল্যপ্

ব্যাঘ্ৰোऽপি = ব্যাঘ্ৰ : + অপি

__________________________________________

বি. দ্ৰ. - কেতিয়াবা পৰীক্ষাত ব্যাখ্যাৰ পৰিবৰ্তে যিকোনো এটা বাক্যৰ ভাৱ বহলাই লিখিব দিয়ে । 


_________________________________________






Comments